দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিশা ১২ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী বিমান বন্দৰত অৱতৰণ কৰাৰ পিছতে তেওঁক আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্য বিষয়াসকলে।
অমিত শ্বাহে আজি বিএছএফৰ মানকাচৰ সীমা চকীত উপস্থিত হৈ জোৱানসকলৰ সৈতে মিলিত হ’ব। ইয়াৰ উপৰি তামুলপুৰ জিলাত চেন্ট্ৰেল আৰ্মড পেৰামিলিটেৰী ফ’ৰ্চৰ বাবে চেন্ট্ৰেল ৱৰ্কশ্বপ আৰু ষ্ট’ৰৰ আধাৰশিলা স্থাপন কৰিব।
১০ মে’ অৰ্থাৎ মঙলবাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অসমত এবছৰ সম্পূৰ্ণ হ’ব। এই উপলক্ষে অমিত শ্বাহে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত এক ৰেলীক সম্বোধন কৰিব। লগতে কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে ছুপাৰ স্পেচিয়েলিটী হাস্পতাল আৰু নেচনেল ফৰেনছিক ছায়েন্স ইউনিভাৰ্ছিটীৰ উদ্বোধন কৰিব।
তদুপৰি বিয়লিৰ ভাগত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত অংশ লৈ গুৱাহাটীত নতুনকৈ নিৰ্মাণ হ’বলগীয়া কামৰূপ(ম) জিলাৰ উপায়ুক্তৰ কাৰ্যালয়, মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়, এটা প্ৰেক্ষাগৃহকে ধৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ৷
