দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ”

73

ষ্টাফৰিপোৰ্টাৰ, ১৮ এপ্ৰিল : কৰ’না ভাইৰাছৰ সংক্ৰমনৰ ফলত দেশ তথা ৰাজ্যত হোৱা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ ক্ষুদ্ৰ ব্যৱসায়ী তুলতুল কছাৰীৰ নেতৃত্বত সমাজৰ আৰ্ত
জনক ২৫ মাৰ্চৰ পৰা সহায়ৰ হাত আগবঢ়াই আহিছে। ক্ষুদ্ৰ ব্যৱসায়ী তুলতুল কছাৰীয়ে ২৫ মাৰ্চৰ পৰা গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ দুখীয়া, বিশেষ ভাৱে সক্ষম, পথৰ দাঁতিত থকা ৰোগাক্ৰান্ত সকলক দুপৰীয়াৰ আহাৰ যোগান ধৰি আহিছে। শনিবাৰেও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সন্মুখৰ লগতে বৰাছাৰ্ভিছ, লাচিত নগৰ, উলুবাৰী, পল্টনবজাৰ, চানমাৰী, গুৱাহাটী কলেজ আদি অঞ্চলৰ আঁতৰ্জনক দুপৰীয়াৰ আহাৰ যোগান ধৰে। তেওঁ প্ৰতিদিনে প্ৰায় দেৰ শতাধিক লোকক দুপৰীয়াৰ আহাৰ যোগান ধৰি আহিছে বুলি কয়।