দীপৰ বিলৰ পানীত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

174

গুৱাহাটীঃ মহানগৰীৰ দাঁতিৰ দীপৰ বিলত শুকুৰবাৰে এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। ধাৰাপুৰ চাৰিআলিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত দীপৰ বিলৰ পানীত উপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে অচিনাক্ত যুৱকজনৰ মৃতদেহ।

ক’লা ৰঙৰ পেণ্ট আৰু টি-চাৰ্ট পৰিহিত প্ৰায় ৩৫ বৰ্ষীয় যুৱকজনৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ পিছতে ধাৰাপুৰ আৰক্ষীক খবৰ দিয়ে। পিছত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

যুৱকজনৰ পৰিচয় এতিয়াও জানিব পৰা নাই আৰক্ষীয়ে। ইফালে এয়া এক হত্যাকাণ্ড নে আত্মহত্যাৰ ঘটনা সেয়াও স্পষ্ট নহয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে।