দিহিং পাটকাই সংৰক্ষিত হস্তী বনাঞ্চলৰ বক্ষত খনন কৰি কয়লা খনন কাৰ্যৰ বিৰোধিতা

76

ষ্টাফৰিপোৰ্টাৰ, ২১ মে’ : দেশৰ স্বয়ং প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আখ্যা দিয়া অষ্ট লক্ষ্মী অসম তথা উত্তৰ পূৱ ভাৰতৰ সম্পদ লুন্ঠনেই যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান উদ্দেশ্য এই কথা ইতিমধ্যে প্ৰমাণ হৈছে। আমাৰ ৰাজ্যৰ একমাত্ৰ বৰ্ষাৰণ্য দিহিং পাটকাই সংৰক্ষিত হস্তী বনাঞ্চলৰ বক্ষত খনন কৰি কয়লা নিবলৈ বিচৰা কাৰ্য্যৰ তীব্ৰ বিৰোধিতা কৰিছে অনুসূচিত জাতি যুব ছাত্ৰ পৰিষদে। কোনো কাৰণত এনে জাতিদ্ৰোহী কাম বিজেপি চৰকাৰক কৰিবলৈ দিয়া নহ’ব। আনহাতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিহিং পাটকাই পৰ্য্যবেক্ষণ কৰিবলৈ বনমন্ত্ৰীক প্ৰেৰণ কৰাৰ পৰিৱৰ্তে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী, জাতীয় সংগঠনৰ নেতৃত্ব, জেষ্ঠ্য নাগৰিক, ভূতাত্ত্বিক আদিৰে গঠিত দলক প্ৰেৰণ কৰিবলৈ দাবী জনালোঁ। এইখন ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান মন্ত্ৰী পৰ্য্যায়ত গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধাচৰণ কৰিব নোৱাৰে বুলি আমি অনুভৱ কৰো।