দিল্লী চৰকাৰৰ ঘৰে ঘৰে ৰেচন আঁচনিক লৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে সংঘাত…

99

দিল্লী আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজৰ সংঘাত এক চৰ্চিত বিষয়। কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু দিল্লীৰ আম আদমী পাৰ্টীৰ চৰকাৰৰ মাজত মনোমালিন্যৰ বাতৰি প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোণাম হৈ আহিছে। শেহতীয়াকৈ লকডাউনৰ বাবে দিল্লীত আৰ্থিক দুৰাৱস্থাৰ সন্মুখীন হোৱা ৭০ লাখ দৰিদ্ৰ জনতাৰ হিতৰ বাবে মুখ্যমন্ত্ৰী আৰবিন্দ কেজৰিৱালে গ্ৰহণ কৰা ঘৰে ঘৰে ৰেচন যোজনাখন প্ৰযোজ্য হোৱাৰ মাত্ৰ এসপ্তাহ পূৰ্বে মোডী চৰকাৰে এই যোজনা ৰূপায়নত বাধা প্ৰদান কৰাৰ পিছতে পুনৰ স্পষ্ট হৈ পৰিছে দিল্লী চৰকাৰৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ উপেক্ষিত মনোভাৱ।

উল্লেখ্য যে, দৰিদ্ৰ জনতাক সকাহ দিয়াৰ বাবে অৰবিন্দ কেজৰিৱাল চৰকাৰে ঘৰে ঘৰে ৰেচন যোজনাখন আনিছিল। ইয়াৰ দ্বাৰা ৰেচন মাফিয়াৰাজৰ বিলুপ্তি ঘটোৱা সম্ভৱ হব বুলিও দাবী কৰিছিল অৰবিন্দ কেজৰিৱালে। কিন্তু এই যোজনাখন প্ৰযোজ্য কৰাৰ মাত্ৰ এটা সপ্তাহ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে। তাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে লাগিলে এই আঁচনিৰ সকলো ক্ৰেডিট মোডীয়ে লওঁক, কিন্তু এই আঁচনি ৰূপায়ন কৰিবলৈ যাতে অনুমতি প্ৰদান কৰা হয়। তেওঁ লগতে এয়াও কয় যে, যদি পিজ্জা, বাৰ্গাৰৰ হোম ডেলিভাৰী হব পাৰে, তেন্তে ৰেচনৰ হোম ডেলিভাৰী হোৱাত আপত্তি ক’ত?

ইফালে কেন্দ্ৰীয় চৰকাৰে এই আঁচনি ৰূপায়ন কৰিবলৈ কেন্দ্ৰৰ অনুমতি লোৱা হোৱা নাই বুলি কৰা দাবীৰ উত্তৰ দি কেজৰিৱালে কয় যে এই আঁচনি সন্দৰ্ভত ৫ বাৰকৈ অনুমতি বিচাৰি কেন্দ্ৰলৈ চিঠি প্ৰেৰণ কৰিছিল দিল্লী চৰকাৰে। কিন্তু তাৰ পিছতো জনতাৰ হিতৰ বাবে অনা এনে এখন আঁচনি ৰূপায়নত বাধা প্ৰদান কৰাৰ আঁৰৰ উদ্দেশ্য কি বুলিও প্ৰশ্ন কৰে কেজৰিৱালে।

আম আদমী পাৰ্টীৰ চৰকাৰ আৰু বিজেপিৰ কেন্দ্ৰীয় চৰকাৰৰ মাজত চলি থকা এই বাক সংঘাতে এতিয়া তীব্ৰ চৰ্চা লাভ কৰিছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে অক্সিজেন চিলিণ্ডাৰ যোগানক লৈও কেন্দ্ৰীয় চৰকাৰৰ সৈতে মনোমালিন্য ঘটিছিল অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰৰ।