দিল্লীৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যাক্ৰমণ- সুযোগ পায়ো কিয় কৃষি আইনৰ বিৰোধ কৰা নাছিল অমৰিন্দৰ সিঙে

55

ডিজিটেল ডেস্ক: কৃষি আইনৰ বিৰুদ্ধে দিল্লীত কৃষকৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে তুংগত উঠিছে দিল্লী আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ বাকযুদ্ধ। কালি পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্ত্যৱ কৰাৰ পিছত আজি প্ৰত্যাক্ৰমন কৰিছে কেজৰিৱালে।

তেওঁ কয় যে এই আইনৰ বিৰোধ কৰিবলৈ অমৰিন্দৰ সিঙে কেইবাটাও সুযোগ লাভ কৰিছিল। কেন্দ্ৰীয় সমিতিত তেওঁ থকাৰ সময়তো তেওঁ বিৰোধিতা কৰিব পাৰিলেহেঁতেন। কিন্তু তেতিয়া কিয় বিৰোধ কৰা নাছিল বুলিও প্ৰশ্ন কৰে কেজৰিৱালে।

উল্লেখ্য যে কালি কেপ্তেইন অমৰিন্দৰ সিঙে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে দিল্লীত কৃষি আইন বলবৎ কৰা বুলি দাবী কৰিছিল। সিঙৰ এই মন্তব্যৰ পিছতে কেজৰিৱালে কয় যে কৃষি আইন কেন্দ্ৰীয় চৰকাৰে আনিছে। ইয়াত ৰাজ্য চৰকাৰৰ কোনো হাত নাই। গতিকে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে কিয় এনে মিছা অভিযোগ তুলিছে সেই লৈও প্ৰশ্ন কৰে কেজৰিৱালে।