Chinese President Xi Jinping waves while addressing students during a visit to Lincoln High School in Tacoma, Washington, September 23, 2015. REUTERS/David Ryder - RTX1S5ZH
৯-১০ ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং ভাৰতলৈ নাহে। এই কথা চীনা বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। চীনৰ কমিউনিষ্ট পাৰ্টিৰ মুখপত্ৰ হিচাপে বিবেচিত গ্লোবেল টাইমছৰ মতে, ভাৰতৰ আমন্ত্ৰণত চীনৰ প্ৰধানমন্ত্ৰী লি চিয়াং জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দিল্লীলৈ আহিব। চীনৰ পূৰ্বে ৰাছিয়াইও কৈছিল যে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ নাহে। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে কৈছে যে তেওঁ অহা সপ্তাহত জি-২০ সন্মিলনৰ বাবে ভাৰত ভ্ৰমণৰ বাবে অপেক্ষা কৰি আছে। হোৱাইট হাউচৰ মতে, জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ বিডেন ৭ ছেপ্টেম্বৰত ভাৰতত উপস্থিত হ’ব। ইয়াৰ উপৰিও তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভতো কথা পাতিব। ভাৰত হৈছে জি-২০ৰ বৰ্তমানৰ অধ্যক্ষ। সেয়েহে, ভাৰতে ৯ আৰু ১০ ডিচেম্বৰত ৰাজধানী দিল্লীত জি-২০ সন্মিলনৰ আয়োজন কৰিছে।
