দিল্লীত লকডাউনৰ প্ৰস্তুতি, উচ্চতম ন্যায়ালয়ক জনালে কেজৰিৱাল চৰকাৰে

68

ডিজিটেল ডেস্কঃ পুনৰ এবাৰ লকডাউনৰ প্ৰস্তুতি ৰাজধানী দিল্লীত। কিন্তু এইবাৰ লকডাউন মহামাৰী কোৰোনাৰ পৰিপ্ৰেক্ষিতত নহয়, এইবাৰ লকডাউনৰ প্ৰস্তুতি চলিছে প্ৰদূষণ ৰোধৰ বাবে।

উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ অনুসৰি দিল্লীত লকডাউনৰ প্ৰস্তুতি চলোৱাৰ কথা সোমবাৰে ন্যায়ালয়ক অৱগত কৰে দিল্লী চৰকাৰে।

উল্লেখ্য যে, দিল্লীৰ বায়ুত প্ৰদূষণৰ মাত্ৰা অধিক বিপদজনক হৈ পৰিছে। যাৰ ফলত ৰাজধানীত এতিয়া উশাহ লোৱাটোও কঠিন হৈছে। দিল্লীৰ প্ৰদূষণৰ স্তৰ ক্ৰমান্বয়ে চৰম উদ্বেগৰ সীমা অতিক্ৰম কৰিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা পূৰণ কৰিবলৈ অৰবিন্দ কেজৰিৱালে শনিবাৰে ৰাতিপুৱা এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰিছিল। আৰু তাৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰীয়ে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল।

আবেলি, দিল্লী চৰকাৰে জনায় যে সোমবাৰে, ১৫ নৱেম্বৰৰ পৰা সকলো বিদ্যালয় এসপ্তাহৰ বাবে বন্ধ থাকিব। শিক্ষাৰ্থীসকলে ঘৰৰ পৰা অনলাইন ক্লাছ ল’ব লাগিব। তদুপৰি প্ৰদূষণ ৰোধৰ বাবে সকলো চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয় আৰু নিৰ্মান কাৰ্য্য বন্ধ থাকিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।