দিল্লীত বিদ্যালয়-মহাবিদ্যালয় বন্ধৰ নিৰ্দেশ…

64

মহামাৰী কোৰোনাৰ দ্বিতীয় সংক্ৰমণে পুনৰ আতংকিত কৰি তুলিছে দেশবাসীক। মহাৰাষ্ট্ৰ, উত্তৰপ্ৰদেশ, গুজৰাট, মধ্যপ্ৰদেশকে ধৰি দেশৰ প্ৰতিখন ৰাজ্যতে এতিয়া ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কোৰোনা সংক্ৰমিত ৰোগীৰ সংখ্যা। আনহাতে এই মহামাৰী প্ৰতিৰোধৰ বাবে কঠোৰো হোৱা দেখা গৈছে ৰাজ্য চৰকাৰ তথা প্ৰশাসনক।

দিল্লীত ভয়াবহ হৈ পৰা কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত বিদ্যালয়, মহাবিদ্যালয়কে ধৰি সকলো শৈক্ষিক প্ৰতিষ্ঠান পুনৰ এবাৰ বন্ধ ৰখাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। যোৱা বছৰ দীর্ঘ লকডাউনৰ অন্তত দিল্লীত অন্যান্য ৰাজ্যৰ দৰে পাঠদান আৰম্ভ হৈছিল নৱম ৰপৰা দ্বাদশ শ্রেণীৰ বাবে। দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই শ্ৰেণী সমূহৰ পাঠদান আৰম্ভ কৰা হৈছিল। কিন্তু যিদৰে দেশৰ অন্যান্য স্থানৰ দৰে দিল্লীতো নাইট কার্ফিউ দিয়া হৈছে, তাত নতুনকৈ আতঙ্কৰ পৰিৱেশ সৃষ্টি হৈছে। ইতিমধ্যে চিবিএছই বোর্ডৰ তৰফৰপৰা দশম শ্রেণীৰ পৰীক্ষা যোৱা ৪ মে’ ৰপৰা ৭ জুন আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষা ৪ মে’ ৰপৰা ১৫ জুনৰ ভিতৰত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰা হৈছে। লগতে ক’ৰ’না পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা কেন্দ্ৰৰ সংখ্যা ৪০ৰপৰা ৫০শতাংশলৈ বৃদ্ধি কৰা হ’ব৷