দিছপুৰ চুপাৰমাৰ্কেটৰ নৱ নিৰ্মিত উৰণীয়া সেঁতু উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

119

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে গুৱাহাটীৰ দিচপুৰ চুপাৰমাৰ্কেটত নৱনিৰ্মিত উৰণীয়া সেঁতু উদ্বোধন কৰে।

সাধাৰণ ৰাইজৰ বাবে উৰণীয়া সেঁতু মুকলি কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, “উৰণীয়া সেঁতুখন এতিয়া ৰাইজৰ বাবে মুকলি হৈ পৰিছে আৰু মই সকলোকে অনুৰোধ জনাইছো যে নৱনিৰ্মিত সেতুখনত যাতে কোনেও থু, পিক নেপেলায়। শিল্পীসকলে তেওঁলোকৰ চিত্ৰৰ দ্বাৰা সেতুখনক সুন্দৰ কৰি তুলিবলৈ এক মহান প্ৰয়াস কৰিছে। অনুগ্ৰহ কৰি তেওঁলোকৰ প্ৰচেষ্টা নষ্ট নকৰিব।”

গণেশগুৰিৰ পৰা লাষ্ট গেটলৈ যান-বাহন পৰিৱৰ্তন কৰি চুপাৰমাৰ্কেটত ভিৰ হ্ৰাস কৰাৰ লক্ষ্যৰে ১২০৫ মিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতুখন নিৰ্মাণ কৰা হৈছে।১২৭.২০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা উৰণীয়া সেঁতুখন ৩৬ মাহত সম্পূৰ্ণ হৈছে। এই সেতুখন মুকলি হোৱাৰ ফলত চুপাৰ মাৰ্কেটৰ ৮০ শতাংশ যান-জটৰ সমস্যা হ্ৰাস পাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।