দল বিৰোধী কাৰ্যকলাপৰ বাবে প্ৰাক্তন মন্ত্ৰী-বিধায়কসহ ১৫ জনক নিলম্বন JDUৰ

111

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গৰম হৈ পৰিছে বিহাৰৰ ৰাজনৈতিক পৰিস্থিতি। প্ৰতিটো দলেই ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু হৈ পৰিছে। তাৰ মাজতে দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগত এনডিএ সহযোগী দল জনতা দল ইউনাইটেডে মঙলবাৰে প্ৰাক্তন মন্ত্ৰী, বিধায়কসহ ১৫ জনকৈ নেতাক দলৰ পৰা নিলম্বন কৰে। জেডিইউৰ অধ্যক্ষ বশিষ্ঠ নাৰায়ণ সিঙৰ নিৰ্দেশমৰ্মে নেতা কেইজনক ৬ বছৰৰ বাবে দলৰ পৰা নিলম্বন কৰাৰ ঘোষণা কৰিছে জেডিইউৱে।

জেডিইউৱে আজি নিলম্বন কৰা নেতাসকলৰ ভিতৰত আছে প্ৰাক্তন মন্ত্ৰী ভগৱান সিং কুশ্ববাহা, বৰ্তমানৰ বিধায়ক দদন পহলৱানো। দলবিৰোধী কাৰ্যকলাপৰ বাবে নিলম্বিত হোৱা অইন নেতাসকল হৈছে বিধায়ক দদন যাদৱ, প্ৰাক্তন মন্ত্ৰী ৰামেশ্বৰ পাছৱান, ডা০ ৰণবিজয় সিং, সুমিত কুমাৰ সিং, কাঞ্চন কুমাৰী গুপ্তা, প্ৰমোদ সিং চন্দ্ৰবংশী, অৰুণ কুমাৰ, তজম্মুল খান, অমৰেশ চৌধুৰী, শিৱ শংকৰ চৌধুৰী, সিন্ধু পাছৱান, কৰতাৰ সিং যাদৱ, ৰাকেশ ৰঞ্জন আৰু মুংগেৰী পাছৱান।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে সোমবাৰে দল বিৰোধী কাৰ্যকলাপৰ বাবে বিজেপিয়েও প্ৰদেশ উপাধ্যক্ষসহ ৯ বিজেপি নেতা দলৰ পৰা বহিস্কাৰ কৰিছিল। বিজেপিৰ প্ৰদেশ উপাধ্যক্ষ ৰাজেন্দ্ৰ সিং, প্ৰাক্তন মন্ত্ৰী ৰামেশ্বৰ চৌৰাচিয়া, প্ৰাক্তন বিধায়ক ডা০ ঊষা বিদ্যাৰ্থী, ৰবীন্দ্ৰ যাদৱ, ইন্দু কাশ্যপ, শ্বেতা সিং, অনিল কুমাৰ, মৃণাল শেখৰ আৰু অজয় প্ৰতাপক সোমবাৰে বিজেপিয়ে দলবিৰোধী গতিবিধিৰ বাবে বহিস্কাৰ কৰিছিল। বিজেপিৰ এই নেতা কেইজনে এইবাৰ লোক জনশক্তি পাৰ্টীৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ যো-জা চলাই থকা বুলি প্ৰচাৰ চলিছে।