দলীয় প্ৰাৰ্থীত্বৰ দৌৰত প্ৰাক্তন বিজেপি মন্ত্ৰী পদুম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

71

বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ লগতে ৰাজ্যৰ ৰাজনৈতিক মহলত চলিছে ব্যাপক চিন্তা-চৰ্চা । বাক্সা জিলাৰ ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিত বিজেপিৰ দলীয় প্ৰাৰ্থীত্বৰ দৌৰত নামিছে প্ৰাক্তন মন্ত্ৰী পদুম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান।

বুধবাৰে তামুলপুৰ বিধানসভা সমষ্টিৰ নাগ্ৰীজুলি মণ্ডল বিজেপিৰ কাৰ্যালয়ত তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰী আৰু এমচিএলএ ধৰ্মনাৰায়ন দাসৰ উপস্থিতিত ৫১২ গৰাকী লোকে বিজেপিত যোগদান কৰে। ইয়াৰ মাজতে বিজেপিৰ পৰা তামুলপুৰ বিধানসভা সমষ্টিত দলীয় টিকট লাভ কৰাক লৈ চৰ্চা অব্যাহত আছে ।

বিজেপিৰ যুৱ নেতা ভিক্টৰ দাস, ৰাজেশ বড়োৰ উপৰিও চৰ্চালৈ আহিছে প্ৰাক্তন মন্ত্ৰী পদুম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহানৰ নাম। ২০১৩ চনৰ পৰাই ৰাজেন চৌহানে বিজেপি দলত যোগদান কৰি দলৰ নিষ্ঠাবান কৰ্মী হিচাপে কাম কৰি আহিছে । যিহেতু তেওঁৰ জন্মস্থান তামুলপুৰ বিধানসভা সমষ্টি আৰু সেই সমষ্টিক প্ৰতিনিধিত্ব কৰি তেওঁৰ পিতৃ বিধায়ক তথা মন্ত্ৰী আছিল সেয়ে বিজেপিৰ দলীয় টিকট লাভ কৰিলে তেওঁ নিৰ্বাচনত প্ৰতিদন্দিতা আগবঢ়োৱাৰ মন মেলিছে।

অৱশ্যে টিকট লাভ নকৰিলেও বিজেপিৰ ১০০+ মিছনৰ বাবে কাম কৰি যাব বুলিও মত প্ৰকাশ কৰে ৰাজেন চৌহানে।