দন্ত চিকিৎসকক লৈ অপমানজনক মন্তব্য কৰা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে দাখিল এজাহাৰ

91

চিকিৎসাৰ নামত দন্ত চিকিৎসকসকলে কিশোৰী ৰোগীৰ ওপৰত যৌন নিৰ্যাতন চলায় বুলি বিতৰ্কিত মন্তব্য কৰিছিল বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা তথা ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই। তাৰ পিছতে এতিয়া আঙুৰলতাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে দন্ত চিকিৎসক সংস্থা।

অভিনেত্ৰীৰ পৰা ৰাজনীতিত ভৰি দি বিতৰ্কিত মন্তব্যৰে সততে চৰ্চাত থকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে শিলচৰ থানাত এজাহাৰ দাখিল কৰিছে ভাৰতীয় দন্ত সংস্থাৰ শিলচৰ শাখাৰ সভাপতি প্ৰদীপ কুমাৰ দাসে।

আঙুৰলতা ডেকাৰ এনে মন্তব্য দন্ত চিকিৎসকৰ বাবে অপমানজনক বুলি দাবী কৰে প্ৰদীপ কুমাৰ দাসে। যাৰ পৰিপ্ৰেক্ষিতত এনে বিতৰ্কিত মন্তব্য কৰা প্ৰাক্তন বিধায়িকা গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে তেওঁ।