দক্ষিণ কামৰূপৰ সোণতলীত ভয়ংকৰ মাৰপিটৰ ঘটনা

288

দক্ষিণ কামৰূপৰ সোণতলীত ভয়ংকৰ মাৰপিটৰ ঘটনা ৷

মাৰপিটত ষাটি বছৰৰ উৰ্ধৰ এজন লোকৰ কৰুণ মৃত্যু হয় ৷

প্ৰচণ্ড মাৰপিটত পুৰুষ মহিলা সহ পোন্ধৰজনকৈ লোক কম বেছি পৰিমানে আহত হয় ৷

দুয়োটা ফৈদৰ আব্দুল বাৰেক, জৰিনা খাতুন, কৰিমন নেছা, ৰবিউল হুছেইন, আলী আকবৰ, আজাহাৰ আলী, আব্দুছ ছালাম, নায়েৱ আলী, ছফেৰ আলীসহ দহজন সম্প্ৰতি সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন অৱস্থাত আছে ৷

তাৰে ৪জনৰ শাৰীৰিক অৱস্থা সংকটজনক ৷

মাৰপিটত মৃত্যু হোৱা লোকজন সোণতলী সত্ৰ গাৱৰ চান্দু স্বেখ ৷

চৰকাৰী ৰাস্তাৰ সীমা নিৰ্ধাৰণ কৰাক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘটিত হয় এই ভয়কৰ মাৰপিট ৷

আলী আকবৰ আৰু ছবেৰ আলীৰ পক্ষৰ মাজত এই মাৰপিটৰ ঘটনা ৷

মাৰপিটৰ লগত জড়িত পাচজনক আটক কৰিছে সোণতলী আৰক্ষীয়ে ৷

আটকাধীন লোক কেইজন সোণতলী সত্ৰ গাৱৰ কাজিম উদ্দিন, আজাহাৰ আলী, জয়নাল আব্দিন, কৰিম আলী আৰু জহিৰ উদ্দিন