ত্ৰস্ত আফগানিস্তান: কাবুলৰ পৰা ১২০ গৰাকী যাত্ৰীসহ গুজৰাটত উপস্থিত ভাৰতীয় বায়ুসেনাৰ বিমান

120

সমগ্ৰ আফগানিস্তান সন্ত্ৰসবাদী সংগঠন তালিবান অধিকৃত হোৱাৰ লগে লগে ত্ৰস্ত হৈ পৰিছে সাধাৰণ জনতা। বিশেষকৈ আফগানস্তানত থকা বেলেগ ৰাষ্ট্ৰৰ নাগৰিকসকলে আফগানিস্তান এৰাৰ বাবে বিমান বন্দৰত হেতা-ওপৰা লগোৱা পৰিলক্ষিত হয়। ইফালে কাবুলত মাৰ্কিন বায়ুসেনাৰ এখন বিমানৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰি বিমানৰ চকাত বহিয়েই আফগানিস্তান এৰাৰ বৃথা চেষ্টা চলাই দেওবাৰে তিনিজনতকৈও অধিক লোকৰ মৃত্যু ঘটাৰ খবৰ প্ৰকাশ পাইছে। কাবুল তালিবানে দখল কৰাৰ পিছতে যিকোনো প্ৰকাৰে দেশ এৰিবলৈ নিজৰ জীৱনকো বিপদৰ মাজলৈ ঠেলি দিছে নাগৰিক সকলে।

উল্লেখ্য যে, আফগানিস্তানত ভাৰতৰো বহু নাগৰিক আবদ্ধ হৈ আছে। কাবুলৰ ভাৰতীয় দুতাবাসৰ বিষয়াৰ লগতে অন্যান্য ক্ষেত্ৰত কৰ্মৰত হাজাৰোধিক ভাৰতীয় নাগৰিকে আফগানিস্তান এৰিবলৈ হাহাকাৰ কৰি আছে। তাৰ মাজতে সোমবাৰে ১২০ গৰাকী ভাৰতীয় নাগৰিকক লৈ কাবুলৰ পৰা উৰা মৰা ভাৰতীয় বায়ুসেনাৰ এখন বিমান মঙ্গলবাৰে গুজৰাটৰ জামনগৰত উপস্থিত হয়। এই বিমানখনে কাবুলৰ ভাৰতীয় দূতাবাসত কৰ্মৰত বিষয়াসহ ১২০ গৰাকী ভাৰতীয় নাগৰিকক নিজ দেশলৈ সুকলমে লৈ আহে।

আনহাতে আমেৰিকাকে ধৰি অন্য ৰাষ্ট্ৰ সমূহেও কাবুল আৰু অন্য প্ৰান্তত আবদ্ধ হৈ থকা নিজ নিজ দেশৰ নাগৰিক সকলক উদ্ধাৰৰ বাবে তৎপৰতা আৰম্ভ কৰিছে। কাবুলৰ বিমান বন্দৰত মাৰ্কিন বায়ুসেনাৰ বিমানেৰে আমেৰিকান নাগৰিক সকলক স্বদেশলৈ উভতাই অনাৰ প্ৰয়াস কৰা হৈছে।