তেলৰ টেংকাৰ পৰিস্কাৰ কৰিবলৈ প্ৰৱেশ কৰোতেই শ্বাহৰুদ্ধ হৈ মৃত্যু ৭ জন শ্ৰমিকৰ

76

অন্ধ্ৰপ্ৰদেশৰ কাকিনাড়া জিলাত শোকাবহ ঘটনা। তেলৰ টেংকাৰ পৰিস্কাৰ কৰিবলৈ সোমাই শ্বাহৰুদ্ধ হৈ মৃত্যু ৭ শ্ৰমিকৰ।

কাকিনাড়া জিলাৰ পেড্ডাপুৰম মণ্ডলৰ জি ৰাগাম্পেটাৰ অম্বতি চুব্বন্না তেল কাৰখানাত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, টেংকাৰৰ ভিতৰত শ্ৰমিক কেইজনে এজন এজনকৈ প্ৰৱেশ কৰিছিল আৰু শ্বাসৰুদ্ধ হৈ মৃত্যুক সাৱটি লয়।

বিষাক্ত গেছৰ বাবেই শ্ৰমিক কেইজনৰ মৃত্যু ঘটাৰ সন্দেহ কৰা হৈছে। নিহত শ্ৰমিক কেইজনক ভেচাংগী কৃষ্ণ, ভেচাংগী নৰসিংহম, ভেচাংগী সাগৰ, কোৰাথাডু বঞ্জী বাবু, কাৰি ৰামা ৰাও, কট্টামুৰি জগদীশ আৰু প্ৰসাদ বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, আটাইকেইজনে ১০ দিন পূৰ্বে তেল কাৰখানাটোত যোগদান কৰিছিল। বাতৰি অনুসৰি তেল কাৰখানাটো ফেক্টৰী আইন অনুসৰি পঞ্জীয়ন কৰা হোৱা নাছিল।

পিছত ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ শ্ৰমিক কেইজনৰ মৃতদেহ উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।