তেলেংগানাৰ শ্ৰীচেলম জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ অগ্নিকাণ্ডঃ ৬ জনৰ মৃত্যু, সন্ধানহীন ৩

78

ডিজিটেল ডেস্কঃ তেলেংগানাৰ শ্ৰীচেলম জলবিদ্যুৎ প্ৰকল্পৰ শক্তি সংৰক্ষণ কেন্দ্ৰত শুকুৰবাৰে সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত প্ৰকল্পটোত কৰ্মৰত ৬ জনকৈ কৰ্মচাৰী নিহত হয়।

জানিব পৰা মতে, কেন্দ্ৰটোত পুৱা সংঘটিত অগ্নিকাণ্ডত ৯ জন লোক আৱদ্ধ হৈ পৰিছিল। তাৰ পিছতে উদ্ধাৰকাৰী বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। দীৰ্ঘ সময়ৰ প্ৰচেষ্টাৰ অন্তত উদ্ধাৰকাৰী দলে মৃত অৱস্থাত ৬ জনক উদ্ধাৰ কৰিবলৈ সক্ষম হ’লেও এতিয়াও ৩ জন লোক সন্ধানহীন হৈ আছে।