তেলেংগানাৰ ভোটাৰক বিজ্ঞাপনৰ জৰিয়তে প্ৰভাৱিত কৰাৰ চেষ্টা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ! নিৰ্বাচন আয়োগৰ দাৰস্থ বিজেপি

184

তেলেংগানাত কংগ্ৰেছে ঢাক-ঢোল বজাইছে কৰ্ণাটকৰ চৰকাৰৰ। যাৰ একমাত্ৰ লক্ষ্য হৈছে তেলেংগানাৰ ভোটাৰক প্ৰভাৱিত কৰা। ফলত কংগ্ৰেছ শাসিত চৰকাৰে আচৰণ বিধি ভংগ কৰিছে। এই অভিযোগ লৈ ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ দাৰস্থ হৈছে বিজেপি। ইয়াৰ পিছতে নিৰ্বাচন আয়োগে জাননী জাৰি কৰি কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰে।

যোৱা শনিবাৰে কৰ্ণাটক চৰকাৰে তেলেংগানাৰ বিভিন্ন বাতৰি কাকতত সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপন জাৰি কৰিছিল। মুখ্যমন্ত্রী সিদ্দাৰমাইয়া, উপ-মুখ্যমন্ত্রী ডি কে শিৱকুমাৰকে ধৰি অন্যান্য মন্ত্রীসকলৰ ছবি থকা বিজ্ঞাপনসমূহ তেলেগু ভাষাত ছপা কৰা হৈছিল৷ তেতিয়াৰ পৰাই এনেধৰণৰ বিভিন্ন বিজ্ঞাপন য়েনাডু, অন্ধ্ৰজ্যোতি, ভেলেগু, ডেক্কান ক্ৰনিকল, দ্য হিন্দু, ইংৰাজী কাকত যেনে টাইমছ অৱ ইণ্ডিয়া আদি কাকতৰ পৃষ্ঠাত তেলেগু ভাষাত একেৰাহে তিনিদিন ছপা হৈ আহিছে। ইয়াৰ বাবেই আপত্তি ব্যক্ত কৰিছে বিজেপিয়ে।

নিৰ্বাচন অহাৰ লগে লগে তেলেংগানাত কৰ্ণাটক চৰকাৰৰ ‘কাল্পনিক সফলতা’ কিয় ছপা হৈছে, সেয়াও তেলেগু ভাষাত? এই প্ৰশ্ন উত্থাপন কৰিছে গেৰুৱা শিবিৰে। নিৰ্বাচনী আচৰণ বিধি আৰু উচ্চতম ন্যায়ালয়ৰ বিভিন্ন ৰায়দানৰ উদ্ধৃতি দি বিজেপিয়ে সাত পৃষ্ঠাৰ দীঘলীয়া পত্ৰযোগে দাবী জনাইছে যে কৰ্ণাটক চৰকাৰক শীঘ্ৰে এনে বিজ্ঞাপন বন্ধ কৰিবলৈ নিৰ্দেশ দিব লাগে। যিহেতু নিৰ্বাচনী প্ৰচাৰ চৰকাৰী খৰছত কৰিব নোৱাৰি, গতিকে বিজ্ঞাপনৰ খৰচ তেলেংগানা প্ৰদেশ কংগ্ৰেছে বহন কৰক। এই ব্যয় তেলেংগানাত কংগ্ৰেছৰ নিৰ্বাচনী ব্যয় হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে।

বিজেপিৰ অভিযোগ লাভ কৰি ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰে। কৰ্ণাটকৰ মুখ্য সচিবলৈ এখন পত্ৰ লিখি নিৰ্বাচন আয়োগে সোমবাৰে এনে বিজ্ঞাপন শীঘ্ৰে বন্ধ কৰাৰ আহ্বান জনায়। কোনো কাৰণতে কৰ্ণাটক চৰকাৰৰ কোনো বিজ্ঞাপন তেলেংগানা সংস্কৰণত প্ৰকাশ কৰা নহ’ব।

একে সময়তে নিৰ্বাচনী আচৰণ বিধিৰ ষষ্ঠ অধ্যায়ৰ ৬.৫ অনুচ্ছেদৰ উল্লেখ কৰি কোৱা হৈছে যে নিৰ্বাচনী নিয়ম প্ৰযোজ্য হোৱা ৰাজ্যখনত যদি কেন্দ্ৰীয় চৰকাৰ বা যিকোনো ৰাজ্য চৰকাৰে কোনো বিজ্ঞাপন প্ৰকাশ কৰে তেন্তে সেয়া নিয়ম উলংঘা বুলি গণ্য কৰা হয়। আনকি সেই সময়ত নিৰ্বাচন নথকা ৰাজ্যসমূহতো বিজ্ঞাপনৰ পূৰ্বে আয়োগৰ অনুমতি ল’ব লাগে। কৰ্ণাটক চৰকাৰে সেইবোৰৰ একোৱেই কৰা নাছিল।