গুদামত ভয়ংকৰ অগ্নিকাণ্ড! জীৱন্তে অগ্নিদগ্ধ হৈ ১১ জন শ্ৰমিকৰ মৃত্যু
তেলেংগানাৰ চেকেন্দ্ৰাবাদৰ ভইগুড়াস্থিত এটা কাঠৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড।
বুধবাৰে পুৱতি নিশা শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ড।
অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ১১ জন শ্ৰমিকৰ।
অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত গুদামৰ প্ৰথম মহলাৰ এটা কোঠাত শুই আছিল শ্ৰমিক কেইজনে।
এই ঘটনাত আন ১২ জন শ্ৰমিকক জীৱন্তে উদ্ধাৰ কৰা হৈছে।
আহত সকলৰ এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।
ঘটনাক কেন্দ্ৰ কৰি শোকৰ ছাঁ তেলেংগানাত।
নিহত সকলৰ আটাইকেইজনেই আছিল বিহাৰৰ চাপ্ৰা জিলাৰ বাসিন্দা।
নিহত সকলক ক্ৰমে বিট্টু, চিকন্দৰ, দীপক, পংকজ, ৰাজেশ, ৰাজু, চিন্টু, দিনেশ, সত্যন্দ্ৰ আৰু দামোদৰ বুলি চিনাক্ত কৰা হৈছে।
তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে ঘটনাটোত শোক প্ৰকাশ কৰি অগ্নিকাণ্ডত নিহত শ্ৰমিকসকলৰ পৰিয়ালক ৫ লাখ টকাকৈ ক্ষতিপূৰণৰ ঘোষণা কৰিছে।
লগতে তেওঁলোকৰ মৃতদেহ স্বগৃহলৈ প্ৰত্যাৱৰ্তনৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ঘটনাক লৈ দুখ ব্যক্ত কৰিছে।
