তেজস্বিতা বৰুৱাৰ দৰে মৰ্মান্তিক ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ ৰাজ্যৰ চিকিৎসা বিভাগৰ উণ্ণতকৰনৰ আহ্বান

193

শিশুশিল্পী তেজস্বিতা বৰুৱাৰ দৰে মৰ্মান্তিক ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ ৰাজ্যৰ চিকিৎসা বিভাগৰ উণ্ণতকৰনৰ আহ্বান হাজোত অধিবক্তা চাহিদ চান হ’কৰ।মাজুলীৰ শিশুশিল্পী তেজস্বিতা বৰুৱাৰ অকাল মৃত্যুত শোকস্তব্ধ আজি ৰাজ্যবাসী। শিল্পীগৰাকীৰ মৃত্যু চিকিৎসালয়খনত চিকিৎসকৰ গাফিলতিৰ বাবে হোৱা বুলি অভিযোগ উত্থাপন হৈছে ৰাজ্যৰ বিভিণ্ণ মহলত।সমান্তৰালভাৱে আজি হাজোত অধিবক্তা চাহিদ চান হ’কে প্ৰশ্ন উত্থাপন কৰে যে
জিলা পৰ্যায়ৰ এখন চিকিৎসালয়ত অক্সিজেনৰ অভাৱ কেনেকৈ হ’ল বা কিয় পৰ্যাপ্ত চিকিৎসক নাছিল চিকিৎসালয়খনত।
যদি অক্সিজেন আছিলেই তেনেহ’লে কিয় মাস্কখন আঁতৰাই দিলে? যাৰ বাবে আজি কনমানি তেজস্বিতাৰ মৃত্যু হ’ল।মুঠতে ৰাজ্যৰ স্বাস্থ্যবিভাগৰ উণ্ণয়নৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি তেজস্বিতা বৰুৱাৰ দৰে মৰ্মান্তিক হৃদয়বিদাৰ ঘটনাৰ আকৌ পুনৰাবৃত্তি নহ’বলৈ ৰাজ্যৰ চিকিৎসা বিভাগৰ উণ্ণতকৰনৰ আহ্বান জনাই হাজোত অধিবক্তা চাহিদ চান হ’কে।অৱশ্যে অনাগত দিনত ৰাজ্যৰ স্বাস্থ্য বিভাগে কি ব্যৱস্থা গ্ৰহন কৰে সেয়া সময়তহে লক্ষ্যনীয় বিষয় হ’ব।