প্ৰতীকি ফটো
বৃহস্পতিবাৰে তেজপুৰত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত এগৰাকী মহিলাৰ কমেও ছটা ভাড়াঘৰ জ্বলি ভস্মীভূত হৈ পৰে।
জানিব পৰা মতে, বালিচাপুৰৰ ৰেডিঅ’ চেণ্টাৰৰ সমীপত এই ঘটনা সংঘটিত হয়।
চুলেমা খাতুন নামৰ এগৰাকী মহিলাৰ ছটা ভাড়াঘৰত অগ্নিকাণ্ড সংঘটিত হয়।
অগ্নিকাণ্ডৰ ফলত জ্বলি ছাই পৰে কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি।
এতিয়ালৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।
ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
