তেজপুৰত বিষাক্ত সাপ উদ্ধাৰ

84

তেজপুৰৰ বিহগুৰিত পুণৰবাৰ অতি বিষাক্ত প্ৰজাতিৰ সাপ ৰাচেল ভাইপাৰ উদ্ধাৰ কৰে সৰ্প বান্ধৱ সৌৰভ বৰকটকীয়ে৷ ইতিপূৰ্বে একেটা অঞ্চলতে তন্ময় কেওঁট নামৰ এটি শিশু ৰাচেল ভাইপাৰৰ দংশনত মৃত্যু ঘটিছিল৷ সৌৰভে সাপডাল উদ্ধাৰ কৰি বন বিভাগৰ হাতত চমজাই দিছে যাতে সুৰক্ষিত স্হানত মুকলি কৰি দিয়া হয়৷ লগতে অজগৰ বা আন প্ৰজাতিৰ সাপ বুলি ৰাচেল ভাইপাৰ প্ৰত্যক্ষ কৰিলে স্পৰ্শ কৰাৰ পৰা ৰাইজক আঁতৰি থাকিবলৈ আহ্বান জনায় সৌৰভ বৰকটকীয়ে৷