তৃতীয় পর্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিসমূহত ড্রাই ডে’ ঘোষণা

62

নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী। ৬ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনী প্ৰচাৰ আজি অন্ত পৰিব। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত তুংগত উঠা দেখা গৈছে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ সাজু হৈছে নিৰ্বাচন আয়োগ আৰু জিলা প্ৰশাসনসমূহো। তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হবলগীয়া ৪০টা বিধানসভা সমষ্টিত ইতিমধ্যে নিৰাপত্তা সুনিশ্চিত কৰা হৈছে। কাইলৈ ভোটকেন্দ্ৰ সমূহলৈ ৰাওনা হব প্ৰিজাইডিং-পলিং বিষয়াসকল।

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত অপ্ৰীতিকিৰ ঘটনা প্ৰতিৰোধৰ বাবে সকলো ধৰণৰ ব্যৱস্থা হাতত লৈছে প্ৰশাসনে। এনে ঘটনা প্ৰতিৰোধৰ বাবেই নিৰ্বাচনৰ দিনটোত সকলো ধৰণৰ সুৰাৰ বিক্ৰী আৰু পানত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কামৰূপ জিলাৰ জিলা দণ্ডাধীশ কৈলাস কার্তিকে আজি এক নিৰ্দেশনা জাৰি কৰি আজি সন্ধিয়া ৬ বজাৰ পৰা ৬ এপ্ৰিলৰ সন্ধিয়া ৬ বজালৈ জিলাখনত ড্ৰাই ডে’ ঘোষণা কৰিছে। এই সময়ছোৱাত জিলাখনৰ সকলো বণ্ডেড ৱেৰহাউছ, বিলাতী সুৰাৰ বিপণীৰ লগতে দেশীয় সুৰাৰ বিপণী বন্ধ থাকিব৷ আনহাতে নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে নিৰ্বাচন অনুষ্ঠিতহবলগীয়া আন আন সমষ্টিসমূহতো ড্ৰাই ডে’ ঘোষণা কৰিছে প্ৰশাসনে।