মহামাৰী কৰ’ণাৰ পৰা পৰিত্ৰাণ পাবলৈ আধ্যাত্মিক শক্তি আহৰণৰ উদ্দেশ্যে বৃহৎ প্ৰাৰ্থনা সভা
ষ্টাফৰিপোৰ্টাৰ, ২৬ এপ্ৰিল :: অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ তত্বাৱধানত পৰিচালিত আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে পৰিচিত শদিয়াৰ পৰা ধুবুৰী পৰ্যন্ত সিঁচৰতি হৈ থকা ৫৫৬ খন মাতৃভাষা অসমীয়া মাধ্যমৰ বিদ্যালয় ‘শংকৰদেৱ শিশু বিদ্যা নিকেতন’সমূহত অধ্যয়ন কৰি থকা ডেৰ লক্ষধিক ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা, আচাৰ্য-আচাৰ্যা, কাৰ্যালয় সহায়কাৰী, সেৱাকর্মী, পৰিচালনা সমিতিৰ বিষয়ববীয়া, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, সমিতিৰ সৈতে জড়িত সকলৰ সমন্বিতে অন্যান্য শুভাকাংক্ষীৰে সৈতে প্ৰায় দহ লাখৰ লোকৰ এক বৃহৎ পৰিয়াল হৈছে বিদ্যা ভাৰতী অসমৰ পৰিয়াল।
শিশু শিক্ষা সমিতিৰ আহ্বানক্ৰমে সকলোৱে আজি অক্ষয় তৃতীয়াৰ পবিত্ৰ তিথিত সন্ধিয়া ৬.৩০ বজাত প্ৰতিটো পৰিয়ালেই নিজৰ নিজৰ গোঁসাই ঘৰ অথবা অন্য সুবিধাজনক কোঠাত পবিত্ৰতা অৱলম্বন কৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত ‘তুমি চিত্ত বৃত্তি মোৰ’ ঘোষা ফাঁকিৰে ভগৱন্তৰ শ্ৰী চৰণত এই মহামাৰীৰ পৰা বিশ্ববাসীক পৰিত্ৰাণ কৰিবলৈ প্ৰাৰ্থনা নিবেদন কৰে। প্রার্থনাৰ অন্তত উপনিষদৰ শ্লোক ‘সৰ্বে ভৱন্তু সুখীনঃ ..’ ৰ জৰিয়তে জগতৰ কল্যাণৰ কামনা কৰে।
শিশু শিক্ষা সমিতি অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে সংবাদদাতাক জানিবলৈ দিয়ে যে এই পৰ্যন্ত প্ৰাপ্ত তথ্য অনুসৰি সমগ্ৰ অসমতে প্ৰায় দহ লাখ লোকে এই কাৰ্যক্ৰমত অংশ গ্ৰহণ কৰিছে। সম্পূৰ্ণ তথ্য আহিলে এই সংখ্যাৰ আৰু বৃদ্ধি ঘটিব।
আনহাতে শিশু শিক্ষা সমিতি অসমৰ সংগঠন মন্ত্ৰী হেমন্ত ধিং মজুমদাৰে কয় “কৰ’নাৰ আতংকৰ ফলত মানুহৰ মনত যি নিৰাশা আৰু হতাশাৰ ভাবে জুমুৰি দি ধৰিছে তাৰ পৰা মানসিক ভাৱে পৰিত্ৰাণ কৰাৰ উদ্দেশ্যে আৰু লগতে জগত নিয়ন্তাৰ প্ৰতি সকলোকে আস্থা ভাজন কৰি নিজৰ কৰ্তব্যপথৰ পৰা বিচলিত হ’বলৈ আৰু সকলোৰে মনত আশাৰ সঞ্চাৰ কৰাৰ এক মনোবৈজ্ঞানীক উপায় হিচাপে এই বিশাল কাৰ্যক্ৰমৰ আয়োজন কৰা হৈছিল। ইয়াৰ জৰিয়তে এক বুজন পৰিমাণৰ লোকে মানসিকভাবে বল আহৰণ কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ আশা ব্যক্ত কৰে।
