তীব্ৰ বেগত আহি আছে সাগৰীয় ঘূর্ণী বতাহ ‘ডানা’

9

তীব্ৰ বেগত আহি আছে সাগৰীয় ঘূৰ্ণী বতাহ ডানা। ইতিমধ্যে এই ক্ষেত্ৰত পশ্চিম বংগ আৰু ওড়িশা চৰকাৰে এলাৰ্ট জাৰি কৰিছে। ইয়াৰ প্ৰভাৱ কিছু পৰিমাণে অসমতো পৰিব পাৰে। ডানাৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখন ট্ৰেইনৰ চলাচল বাতিল কৰা হৈছে।ইয়াৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম বংগ আৰু ওড়িশা চৰকাৰ সষ্টম হৈ পৰিছে আৰু ২৫- ২৬ অক্টোবৰত পশ্চিম বংগৰ ৯ খন বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে। ইয়াৰ বিপৰীতে ওড়িশা চৰকাৰে ২৩ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈ ১৪ খন জিলাৰ সকলো ধৰণৰ শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে । মঙলবাৰে পুৱা পূব উপকূলীয় দিশে গতি কৰিছিল সাগৰীয় ঘূৰ্ণী বতাহ ডানা। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি এই ধুমুহাই ২৫ অক্টোবৰৰ পুৱা পুৰী আৰু সাগৰ দ্বীপৰ মাজৰ উত্তৰ ওড়িশা আৰু দক্ষিণ পশ্চিম বংগৰ উপকূলত আঘাত কৰিব।উপকূলত আঘাত কৰাৰ সময়ত এই ঘূৰ্ণী বতাহ প্ৰতি ঘন্টাত ১০০ ৰ পৰা ১১০ কিলোমিটাৰ বেগত থাকিব। এই ঘূৰ্ণী বতাহৰ গতিবেগ প্ৰতি ঘন্টাত ১২০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে।এতিয়ালৈকে অসমৰ বতৰ বিজ্ঞান কেন্দ্ৰই কোনো তথ্য জাৰি কৰা নাই যদিও এই ডানাৰ প্ৰভাৱ অসমতো কিছু পৰিমাণে পৰিব পাৰে। ইতিমধ্যে অসমৰ পৰা যাবলগীয়া বা আহিবলগীয়া ৫ খন ৰে’লৰ চলাচল বাতিল কৰা হৈছে।