তিহাৰ জেলৰ ভিতৰত মোক প্ৰেমৰ প্ৰস্তাৱ দিছিল সুকেশ চন্দ্ৰশেখৰেঃ অভিনেত্ৰী চাহট খান্না…

188

সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ সৰু পৰ্দাৰ অভিনেত্ৰী চাহট খান্নাৰ।

তিহাৰ জে’লৰ ভিতৰত অভিনেত্ৰীক প্ৰেম প্ৰস্তাৱ দিয়া বুলি দাবী।

এক সাক্ষাৎকাৰত চাহট খান্নাই কয় যে তেওঁক প্ৰৱঞ্চনাৰে তিহাৰ জেললৈ লৈ যোৱা হৈছিল, য’ত সুকেশ চন্দ্ৰশেখৰে তেওঁক প্ৰেমৰ প্ৰস্তাৱ দিছিল।

তেওঁ লগতে কয়, “মই তেওঁক চিঞৰিছিলো, ‘মই বিয়া হৈছো আৰু মোৰ দুটা ল’ৰা-ছোৱালী আছে’।

‘কিন্তু তেওঁ কৈছিল যে মোৰ স্বামী মোৰ বাবে উপযুক্ত মানুহ নহয়…মই ইমানেই উদ্বিগ্ন হৈ পৰিলোঁ যে মই কান্দি দিছিলো।’