ডিজিটেল ডেস্কঃ অনুচ্ছেদ ৩৭০ বাতিলৰ পিছত আজি প্ৰথমবাৰৰ বাবে কাশ্মীৰ ভ্ৰমণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অমিত শ্বাহে জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰীক্ষা কৰিবলৈ তিনিদিন বাহৰ পাতিব কাশ্মীৰত।
উল্লেখ্য যে, শেহতীয়াকৈ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বৃদ্ধি হোৱাৰ খবৰ পোৱা গৈছে। ইতিমধ্যে সন্ত্ৰাসবাদীৰ আক্রমনত প্ৰাণ হেৰুৱাইছে ১৩ জনকৈ নাগৰিকে। ইয়াৰ পিছত ভাৰতীয় সেনাৰ দ্বাৰা ধাৰাবাহে অভিযান চলাই ৭০০ জন সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজনৈতিক দৃষ্টিকোণৰ পৰা কাশ্মীৰৰ এনে পৰিস্থিতিত অমিত শ্বাহৰ তিনিদিনীয়া ভ্ৰমণ সূচী গৰুত্বপূৰ্ণ বিবেচিত হোৱাৰ লগতে তাৎপৰ্যও বহন কৰিছে।
ইফালে, অমিত শ্বাহে শনিবাৰে ৰাতিপুৱাই শ্ৰীনগৰত উপস্থিত হয়। তেওঁক বিমানবন্দৰত জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহা আৰু কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে আদৰনি জনায়। অমিত শ্বাহৰ ভ্ৰমণক লৈ কঠোৰ নিৰাপত্তা সমগ্ৰ উপত্যকাতে গঢ়ি তোলা হৈছে। শ্বাহে প্ৰথমে ৰাজভৱনত এখন নিৰাপত্তা পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে। ইয়াৰ বাবে, ৰাজভৱনৰ চাৰিওফালে ২০ কিলোমিটাৰ পৰ্যন্ত এলেকা কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। অমিত শ্বাহৰ ভ্ৰমণ উপলক্ষে দিল্লীৰ পৰা ১০ টা কোম্পানী চিআৰপিএফ আৰু ১৫ টা কোম্পানীৰ বিএছএফৰ দল নিৰাপত্তাৰ বাবে মোতায়েন কৰা হৈছে।
শ্বাহে আবেলি জম্মু-কাশ্মীৰ যুৱ সংঘৰ সৈতে বৈঠকৰ পিছত সন্ধিয়া প্ৰায় ৬ বজাত শ্ৰীনগৰৰ পৰা শাৰজাহ অৰ্থাৎ ইউ.এ.ই.লৈ পোনপটীয়া বিমান উদ্বোধন কৰিব।
আনহাতে, দেৱালীৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্বাহৰ ভ্ৰমণে পাকিস্তানলৈও এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিব বুলি আশা কৰা হৈছে।
