তালিবানী শাসনক লৈ ত্ৰস্ত আফগান মহিলা, ২০ বছৰ পুৰণি স্মৃতি সুঁৱৰি কঁপিছে ভয়ত

197

আন্তঃৰাষ্ট্ৰীয় খবৰঃ যুদ্ধজৰ্জৰ আফগানিস্তানত এতিয়া তালীবানী হুকুমত পুনৰ এবাৰ আৰম্ভ হৈছে। ৰাষ্ট্ৰখনৰ পৰা আমেৰিকাই নিজৰ সেনাক উভতাই নিয়াৰ পিছতে দ্ৰুতগতিত ইটোৰ পিছত সিটো অঞ্চল নিজৰ অধীনলৈ নিছে তালিবানে। আফগানিস্তানৰ ৮৫ শতাংশ এলেকা ইতিমধ্যে তালিবানে দখল কৰিছে। এতিয়া কাবুল আৰু কান্দাহাৰৰ দৰে মুখ্য অঞ্চল দখল কৰাৰ যুঁজত নামি পৰিছে তালিবান।

তালিবানৰ শাসনক লৈ ত্ৰস্ত হৈ পৰিছে কান্দাহাৰৰ মহিলাসকল। ২০ বছৰ পুৰণি স্মৃতি মনত পেলাই ভয়ত কম্পমান হৈ পৰিছে মহিলাসকল। কিয়নো তালিবান ক্ষমতালৈ আহিলেই মহিলাসকলৰ ওপৰত আৰোপ কৰা হব বিভিন্ন বিধি-নিষেধ। খবৰ অনুসৰি, ইতিমধ্যে তালিবানৰ অধীন হোৱা কেইবাটাও অঞ্চলত মছজিদৰ ইমামলৈ চিঠি লিখি মহিলাৰ ওপৰত নানান বাধা-নিষেধ জাৰি কৰা হৈছে।

মহিলাসকলৰ চাকৰি কৰাত, অকলে ঘৰৰ পৰা বাহিৰলৈ যোৱাত বাধা আৰোপ কৰিছে তালিবানে। আনকি কোনো কোনো এলেকাত মহিলাসকলে অকলে হাস্পতাললৈ যোৱাটো বাধা প্ৰদান কৰা হৈছে। বাধা দিয়া হৈছে মহিলাৰ স্কুললৈ যোৱাত। একেই ধৰণৰ মহিলাৰ ওপৰত বাধা-নিষেধ তালিবানে ২০ বছৰ পূৰ্বেও আৰোপ কৰিছিল। ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ আফগানিস্তান যেতিয়া তালিবানৰ অধীনত আছিল, তেতিয়াই মহিলাসকল একপ্ৰকাৰ হৈ পৰিছিল গৃহবন্দী।

পৰবৰ্তী সময়ত তালিবানী শাসনৰ অন্ত পৰাত মহিলাসকলে স্বস্তিৰ নিশ্বাস এৰিলেও এতিয়া যেন পূৰ্বৰ পৰিস্থিতি পুনৰ ঘূৰি আহিছে। সেয়ে ভয়ত, ক্ষোভত কঁপিছে কান্দাহাৰ, কাবুল আদি এতিয়াও তালিবানৰ অধীন নোহোৱা মহিলাসকল।