তালিবানক সমৰ্থন জনাই গ্ৰেপ্তাৰ বিদ্যালয়ৰ শিক্ষক আৰু অসম আৰক্ষীৰ জোৱান

124

তালিবানৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট কৰি অসমত গ্ৰেপ্তাৰ হৈছে ১৪ জনলৈ লোক। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এই গ্ৰেপ্তাৰ হোৱা লোক কেইজনৰ ভিতৰত আছে এজন বিদ্যালয়ৰ শিক্ষক আৰু এজন অসম আৰক্ষীৰ জোৱানো।

তালিবানক সমৰ্থন কৰাৰ অপৰাধত আৰক্ষীয়ে গোৱালপাৰা ফৰেষ্ট গেট লুইত প্লাবিক স্কুলৰ শিক্ষক আবু বক্কৰ ছিদ্দিক ওৰফে অভিলেষ খানক গ্ৰেপ্তাৰ কৰিছে। আনহাতে অসম আৰক্ষীৰ কৰিমগঞ্জ ৰাতাবাৰীস্থিত ২১ নং বেটেলিয়নৰ জোৱান ছইদুল হককো একেই অপৰাধত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।ছাইদুল হকক কৰিমগঞ্জ ৰাতাবাৰীৰ ২১নং বেটালিয়নৰ পৰাই কামৰূপ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আলী আহমেদে যৌথ উদ্যোগত গ্ৰেপ্তাৰ কৰে। দুয়োকে জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।