তামুলপুৰত মুকলি বিপিএফৰ নিৰ্বাচনী কাৰ্যালয়

76

সকলো ৰাজনৈতিক দলে নিজৰ নিজৰ ৰণ কৌশলেৰে নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে। নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে আজি ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ তামুলপুৰৰ ঘগ্ৰা চ’কত বিপিএফৰ বাৰেইগাঁও প্ৰাথমিক সমিতিৰ এটি নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰা হয়। কাৰ্যালয়টো এক মাংগলিক পৰিৱেশত আনুষ্ঠানিক ভাৱে মুকলি কৰে বিপিএফৰ তামুলপুৰ সমষ্টি নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি যোগেন বসুমতাৰীয়ে।

এই অনুষ্ঠানত উপস্থিত থাকে তামুলপুৰ জিলা বিপিএফৰ সাধাৰন সম্পাদক উপেন বসুমতাৰী, বিপিএফ নেতা বলেন বড়ো, বিপিএফৰ প্ৰাইমাৰী সমিতিৰ বিষয়-ববীয়াৰ লগতে মহিলা বিপিএফৰ নেত্ৰী সকল। কাৰ্যালয় মুকলি কৰি যোগেন বসুমতাৰীয়ে কয় বিগত বিটিচি নিৰ্বাচনত বিপিএফ দলে সোঁতৰ খন আসন লাভ কৰাৰ পিছতো প্ৰমোদ বড়োয়ে চক্ৰান্ত কৰি বিপিএফক চৰকাৰ গঠন কৰিব নিদিলে। তেওঁলোকে অগণতান্ত্ৰিক ভাৱে যি চৰকাৰ গঠন কৰিছে সেই চৰকাৰ অবৈধ আৰু ৰাইজে সেই চৰকাৰক সহজ ভাৱে ল’ব পৰা নাই। প্ৰমোদ বড়োয়ে বিজেপিৰ লগত লগ লাগি বিটিচিৰ ভেটি বিজেপিৰ ওচৰত বিক্ৰী কৰিব বিচাৰিছে বুলিও ভাষ্য ৰাখে যোগেন বসুমতাৰীয়ে।

এইবাৰ ৰাইজে বিজেপি দলক প্ৰত্যাখ্যান কৰিব আৰু ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁট বন্ধনে চৰকাৰ গঠন কৰিব বুলিও তেওঁ দাবী কৰে। তামুলপুৰ বিধানসভা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী ৰংজা খুঙ্গুৰ বসুমতাৰীৰ জয় নিশ্চিত বুলি দাবী কৰে যোগেন বসুমতাৰীয়ে। কাৰ্যালয় মুকলি কৰাৰ পিছত যোগেন বসুমতাৰীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি কয় বিটিচি নিৰ্বাচনৰ সময়ত বিপিএফৰ কেইজনমান নেতাই বিজেপিলৈ গৈছিল। বিজেপিৰ একনায়কত্ববাদ শাসনক বেয়া পাই তেওঁলোক পুনৰ বিপিএফলৈ উভতি আহিছে। ইয়াৰ উপৰিও ইউপিপিএল দলৰ পৰা বহু নেতা কৰ্মী বিপিএফলৈ উভতি অহা বুলি তেওঁ উল্লেখ কৰে।