ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰ মহকুমা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে নিচাজাতীয় সামগ্ৰী আৰু ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত এছ আই মনোজ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এছএছবিৰ সহযোগত নাগ্ৰীজুলিৰ ১৯ নম্বৰ ৱৰ্কাৰ লাইনৰ সমীপত অভিযান চলায়। এই অভিযানত আৰক্ষীয়ে ৩৬.৪ কেজি গাঞ্জাসহ এএছ-13এল-8555 নম্বৰৰ এখন অল্টো কাৰ জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৩ জনক আটক কৰিছে।
বাহনখনৰ পৰা আটক কৰা তিনিজন গাঞ্জা সৰবৰাহকাৰীক নীতিশ দৈমাৰী, নিপুম দৈমাৰী আৰু বিৰমল দৈমাৰী বুলি চিনাক্ত কৰা হৈছে। তেওঁলোক তিনিওজন ওদালগুৰিৰ।
তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে আৰক্ষী আৰু এছএছবিয়ে খবৰ পাইছিল যে কিছুমান ব্যক্তিয়ে ওদালগুৰিৰ পৰা পানেৰী-ডিমাকুচি হৈ নাগ্ৰীজুলিলৈ বৃহৎ পৰিমাণৰ গাঞ্জা সৰবৰাহ কৰি আছে। সেই গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে তালাচী চলাই গাঞ্জাখিনি জব্দ কৰে। আৰক্ষীয়ে তামুলপুৰ আৰক্ষী থানাত তিনিজন যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰু অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।