তামুলপুৰত বিদ্যুৎ বিভাগৰ আজব কাণ্ড, বিল দেখি মূৰে কপালে হাত দিছে ৰাইজে

67

তামুলপুৰত বিদ্যুৎ বিভাগৰ আজব কাণ্ড। এমাহত বিদ্যুতৰ বিল আহে ৮-ৰ পৰা ৪০ হেজাৰ টকা। বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ অঞ্চলবাসীৰ। তামুলপুৰ বিদ্যুৎ সংমণ্ডলৰ বিদ্যুতৰ ধনৰাশিয়ে চকু কপালত তুলিছে ৰাইজৰ।

তামুলপুৰত বিদ্যুৎ বিভাগে প্ৰেৰণ কৰা বিলৰ পৰিমাণ দেখি এতিয়া মূৰে কপালে হাত দিছে বহুকেইটা পৰিয়ালে। দিন হাজিৰা কৰি কোনোমতে ঘৰ চলোৱা অঞ্চলটোৰ বহু পৰিয়ালে বিদ্যুৎ বিভাগৰ পৰা লাভ কৰিছে ৮ৰ পৰা ৪০ হাজাৰ টকা পৰ্যন্ত বিদ্যুতৰ বিল।

তামুলপুৰ বিদ্যুৎ সংমণ্ডলে প্ৰেৰণ কৰা এনে আজৱ বিদ্যুতৰ বিলৰ বিৰুদ্ধে ৰাইজ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে। বুধবাৰে স্থানীয় ভুক্তভূগী ৰাইজে তামুলপুৰ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত বিদ্যুৎ বিভাগ হায় হায় ধ্বনি দি সাব্যস্ত কৰে প্ৰতিবাদ।