তামুলপুৰত বন্যহস্তীৰ আক্ৰমণত মহিলাৰ মৃত্যু

292

তামুলপুৰ জিলাৰ শান্তিপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী মহিলা।

নিহত মহিলাগৰাকীৰ পৰিচয় অলকা বিশ্বাস (৪২) বুলি জানিব পৰা গৈছে।

কালি নিশা খাদ্যৰ সন্ধানত এজাক হাতীৰ জাকে শান্তিপুৰৰ আঙাৰকাটা গাঁৱত প্ৰৱেশ কৰিছিল।

গাঁওবাসীৰ ওপৰত আতংকৰ সৃষ্টি কৰি হাতীৰ জাকে খেতিপথাৰসমূহতো প্ৰৱেশ কৰি কৃষিজাত উৎপাদিত সামগ্ৰীৰ ব্যাপক ক্ষতিসাধন কৰে।

সেই সময়তে বন্যহস্তীৰ আক্ৰমণত নিহত হয় মহিলাগৰাকী।

ইফালে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে।