তামিলনাডুত ৰে’লৰ ভিতৰত অসমৰ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ

106

শুকুৰবাৰে তামিলনাডুৰ তিৰুপ্পুৰ ৰেল ষ্টেচনত এখন ৰেলৰ ভিতৰত অসমৰ এজন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হয়।

চৰকাৰী ৰে’ল আৰক্ষীয়ে জনোৱা অনুসৰি, নিহত লোকজনক অৰবিন্দু ৰয় (৩০) বুলি চিনাক্ত কৰা হৈছে। লোকজনে বেংগালুৰুত চিকিউৰিটি গাৰ্ড হিচাপে নিযুক্ত আছিল আৰু ৮ মাৰ্চত অসমৰ শিলচৰত ১২৫১৬ নং শিলচৰ-কইম্বাটুৰ এক্সপ্ৰেছ ৰেলত উঠিছিল।

প্ৰতিবেদন অনুসৰি, ৰয়ে জোপলাৰপেটত নামিব লাগিছিল। কিন্তু শুক্ৰবাৰে পুৱতি নিশা সহযাত্ৰীসকলে ৰেলখনৰ ভিতৰত মৃত অৱস্থাত তেওঁক উদ্ধাৰ কৰে।

শিলচৰৰ পৰা তেওঁৰ দুজন পৰিচিত ব্যক্তি, যি সকলে তেওঁলোকৰ কামৰ বাবে একেখন ৰেলত তিৰুপ্পুৰলৈ যাত্ৰা কৰি আছিল, মৃতকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে যোগাযোগ কৰে আৰু তেওঁলোকক ঘটনাটোৰ বিষয়ে অৱগত কৰে।

চৰকাৰী ৰে’লৱে আৰক্ষীৰ মতে, হঠাতে হৃদৰোগত আক্ৰান্ত হৈ ৰয়ৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে। মৰণোত্তৰ পৰীক্ষা অনুসৰি তেওঁৰ ধপাত, ধূমপান আৰু সুৰাপান কৰিছিল।