ঢকুৱাখনাৰ ১নং ঠেকেৰাগুৰিত খাদ্যত বিষক্ৰিয়া। উল্লেখযোগ্য যে ভাদমহীয়া নামৰ মাহ-প্ৰসাদ খাই অসুস্থ হৈছে অৰ্ধশতাধিক লোক। জানিব পৰা মতে শৌচ, বমি, পেটৰ বিষত আক্ৰান্ত হৈছে অসুস্থসকল। অসুস্থ আটাইকে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। উন্নত চিকিৎসাৰ বাবে এজনক SMCHলৈ প্ৰেৰণ কৰিছে।

