ঢকুৱাখনাত চাঞ্চল্যকৰ অপহৰণ কাণ্ড

83

ঢকুৱাখনাৰ মাহধোৱাত চাঞ্চল্যকৰ অপহৰণ কাণ্ড। হিন্দী চিনেমাৰ কায়দাৰে অপহৰণ ব্যৱসায়ীক। গ্ৰাহকৰ ৰূপত আহি অপহৰণ কৰিলে ব্যৱসায়ীক।দেৱেন্দ্ৰ কুমাৰ নামৰ এজন ব্যৱসায়ীক অপহৰণ।
চাইৰেনযুক্ত এম্বুলেন্স ব’লেৰো বাহনত অহা ৪-৫ জনীয়া দুৰ্বৃত্তই দোকানৰ পৰা অপহৰণ কৰি নিয়ে ব্যৱসায়ীজনক। দোকানলৈ গ্ৰাহকৰ ভেশত আহিছিল দুৰ্বৃত্তৰ দলটো।বিগত দিনৰ দৰে বুধবাৰেও স্বাভাৱিকভাৱে ব্যৱসায়িক প্ৰতিষ্ঠানত উপস্থিত আছিল হাৰিয়ানাৰ বাসিন্দা দেৱেন্দ্ৰ কুমাৰ। তেনে সময়তে বুধবাৰে সন্ধিয়া প্ৰায় ৬ বজাত দোকানৰ সন্মুখত উপস্থিত হয় এখন বগা বৰণৰ বলেৰ’ বাহন।তাৰ পাছত প্ৰথমে চিগাৰেট বিচাৰি দোকানত প্ৰৱেশ কৰে ৪-৫ জনীয়া গ্ৰাহকৰ দল। চিগাৰেট বিচাৰি দৰদাম কৰি থকা অৱস্থাতে চেগ বুজি দেৱেন্দ্ৰ ৰাজ কুমাৰক বলপূৰ্বক ধৰি গাড়ীৰ ভিতৰত ভৰাই উধাও হয় ছদ্মবেশী দলটোৱে ।ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াৰ পাছত ঘটনাস্থলীত ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্রিয়ব্ৰত গগৈ উপস্থিত হয়। ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে যদিও এতিয়াও কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই।