ড: আচমা বেগমৰ মহানুভৱতা। প্ৰতি সপ্তাহে হাজাৰোধিক ৰোজাদাৰক ইফতাৰী খাদ্য যোগান

66

ষ্টাফৰিপোৰ্টাৰ, ২১ মে’ : মহামাৰী কৰোণাৰ বাবে দেশজুৰি অব্যাহত আছে লক ডাউন। লক ডাউনৰ ফলত উপাৰ্জনৰ পথ বন্ধ হৈ পৰা শ্ৰমজীৱি লোক সকলৰ পানীত হাহ নচৰা অৱস্হাৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পৱিত্ৰ ৰমজান মাহ চলি আছে। পৱিত্ৰ ৰমজান মাহত চেহৰী-ইফতাৰৰ যা-যোগাৰ কৰাৰ ক্ষেত্ৰত শ্ৰমজীৱি, দুখীয়া মুছলমান ৰোজাদাৰ সকলে চৰম আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে। নিমখ-পানীৰেও ইফতাৰ কৰিবলগা হৈছে একাংশ শ্ৰমজীৱি, দুখীয়া মুছলমান ৰোজাদাৰ। শ্ৰমজীৱি, দুখীয়া, দুৰ্দশাগ্ৰস্ত মুছলমান ৰোজাদাৰৰ কাষত থিয় হৈ মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে গুৱাহাটীৰ সমাজসেৱিকা ড: আচমা বেগম। ড: আচমা বেগমে নিজ হাতে ইফতাৰী খাদ্য ৰান্ধি শ্ৰমজীৱি, দুখীয়া মুছলমান ৰোজাদাৰক যোগান ধৰিছে। গুৱাহাটীৰ সিজুবাৰী, ভঙাগড় আদি স্হানৰ দুখীয়া, শ্ৰমজীৱি মুছলমান ৰোজাদাৰক নিজ হাতে ৰন্ধা সুস্বাদু ইফতাৰী খাদ্য, ফলমূল বিতৰণ কৰিছে ড: আচমা বেগমে। পৱিত্ৰ ৰমজান মাহৰ এই সময়চোৱাত প্ৰতি সপ্তাহত এক হাজাৰৰ পৰা ডেৰ হাজাৰলৈ দুখীয়া, শ্ৰমজীৱি মুছলমান ৰোজাদাৰক নিজ হাতে ৰন্ধা খাদ্য যোগান ধৰিছে সমাজসেৱিকা ড: আচমা বেগমে। একান্ত ব্যক্তিগত প্ৰচেষ্টাত এনেদৰে ইফতাৰী খাদ্য সামগ্ৰী যোগান ধৰা ড: আচমা বেগমক কাৰ্য পৰিচালনাত সহযোগিতা আগবঢ়াইছে ৰুকছানা বেগম আৰু মেহবুব ৰহমানে। উল্লেখযোগ্য যে সামাজিক ক্ষেত্ৰখনত দীৰ্ঘদিন ধৰি নিস্বাৰ্থতাৰে অতি সক্ৰিয়ভাৱে সেৱা আগবঢ়াই অহা ড: আচমা বেগমে লক ডাউনৰ প্ৰাৰম্ভৰে পৰা গুৱাহাটী মহানগৰীৰ বিভিন্ন স্হানত উপস্হিত হৈ প্ৰতিনিয়ত জীৱ-জন্তুকো খাদ্যবস্তু যোগান ধৰি আহিছে।