ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ডিএছপি যতীন দাসক ৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

56

ৰক্ষকেই ভক্ষক! তাৰেই যেন জলন্ত উদাহৰণ ধুবুৰীৰ সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষক যতীন চন্দ্ৰ দাস। যুৱ প্ৰজন্মত অধঃপাতে নিয়া ড্ৰাগছ আৰু চিণ্ডিকেটৰ সৈতে জড়িত থকাৰ অভিযোগত সোমবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল যতীন চন্দ্ৰ দাস। তাৰ পিছতে আজি কামৰূপৰ বিশেষ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় ধৃত আৰক্ষী বিষয়াগৰাকীক। আদালতে ৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে যতীন চন্দ্ৰ দাসক।

উল্লেখ্য যে, ধুবুৰীৰ নৱ নিযুক্ত অধীক্ষক অভিজিত দিলীপৰ নিৰ্দেশত সোমবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল ডিএছপি যতীন দাসক। ধুবুৰীৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা ড্ৰাগছ ব্যৱসায় আৰু চিণ্ডিকেটৰাজৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আৰক্ষী বিষয়াগৰাকীক। ইফালে আজি আদালতত হাজিৰ কৰোৱা সময়ত যতীন দাসে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ ভুৱা বুলি দাবী কৰে। আদালতত সকলো প্ৰমাণ হব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে ধৃত যতীন দাসে।