ডোনাল্ড ট্ৰাম্পে ভেকচিন লব দিলেই মই নলও: কমলা হেৰিছ

91

ডিজিটেল ডেস্কঃ আমেৰিকাত নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে। নিৰ্বাচনৰ এই পৰিস্থিতিত এতিয়া অভিযোগ-প্ৰত্যাভিযোগেও চৰম সীমা চুইছেগৈ। শেহতীয়াকৈ বৃহস্পতিবাৰে পুৱা ডেমক্ৰেটিক পাৰ্টীৰ উপ ৰাষ্ট্ৰপতি পদৰ ভাৰতীয় মূলৰ প্ৰাৰ্থী কমলা হেৰিছ আৰু আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি মাইক পেন্সৰ মাজত এখন ভাইছ-প্ৰেচিডেন্সিয়েল ডিবেট অনুষ্ঠিত হয়।

অনুষ্ঠানত কমলা হেৰিছে কোৰোনা ভাইৰাছৰ সংক্ৰমণক লৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক তীব্ৰ ভাষাৰে সমালোচনা কৰে। আমেৰিকান ইতিহাসৰ আটাইতকৈ ব্যৰ্থ ৰাষ্ট্ৰপতি আখ্যা দি কমালা হেৰিছে কয় যে ডোনাল্ড ট্ৰাম্পৰ চৰকাৰৰ সমান আমেৰিকাৰ কোনো এখন চৰকাৰেই বিফল হোৱা নাছিল। আমেৰিকাৰ নাগৰিক সকল এই কথাৰ সাক্ষী।

ইফালে কোৰোনা ভেকচিন সন্দৰ্ভত ৰাষ্ট্ৰপতিক আক্ৰমণৰ লক্ষ্য কৰি লৈ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীয়ে কয়, ‘যদি চিকিৎসাশাস্ত্ৰী, চিকিৎসকে কয় যে এই ভেকচিন আমি লোৱা উচিত, তেন্তে সকলোতকৈ আগেয়ে মই ল’ম। কিন্তু ডোনাল্ড ট্ৰাম্পে ভেকচিন লোৱাৰ কথা ক’লে মই মুঠেও নলও।’ আনহাতে কমলা হেৰিছৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি মাইক পেন্সেয়েও।