ডুডলেৰে সুধাকণ্ঠক জন্মদিনত স্মৰণ গুগলৰ…

150

কিংবদন্তি অসমীয়া কণ্ঠশিল্পী, গীতিকাৰ, সংগীতজ্ঞ, কবি, অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা, ড° ভূপেন হাজৰিকাক বৃহস্পতিবাৰে গুগলে ৯৬ সংখ্যক জন্ম জয়ন্তীত স্বাক্ষৰ ‘ডুডল’ৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখ্য যে, সুধাকণ্ঠ ভূপেন হাজৰিকাই তেওঁৰ কৰ্মৰে সমগ্ৰ বিশ্বৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল। ২০১১ চনত শেষ নিশ্বাস ত্যাগ কৰা হাজৰিকাই ১৯৬৭ চনৰ পৰা ১৯৭২ চনৰ ভিতৰত অসম বিধানসভাতো বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

এই উপলক্ষে সৃষ্টি কৰা গুগল ডুডলত হাৰমনিয়াম বজাই থকা কিংবদন্তি কণ্ঠশিল্পীগৰাকীৰ ছবি অংকন কৰা হৈছে। ইয়াৰ সৃষ্টি কৰিছিল মুম্বাইৰ অতিথি শিল্পী ৰুতুজা মালিয়ে।

১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত অসমৰ শদিয়াত জন্মগ্ৰহণ কৰা হাজৰিকাই ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ জীৱনৰ গীত আৰু লোককথাৰ পৰিৱেশত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ প্ৰথম গীতটো ১০ বছৰ বয়সত ৰেকৰ্ডিং কৰা হৈছিল।

১৯৪২ চনত কলা শাখাত ইন্টাৰমিডিয়েট আৰু ১৯৪৬ চনত বানাৰস হিন্দু বিশ্ববিদ্যালয় (BHU)ৰ পৰা এম এ সম্পূৰ্ণ কৰাৰ পিছত তেওঁ আমেৰিকালৈ গুচি যায় আৰু তাত পাঁচ বছৰ ধৰি নিউয়ৰ্কত বাস কৰে আৰু ১৯৫২ চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা গণসংযোগত ডক্টৰেট ডিগ্ৰী (পি এইচ ডি) সম্পূৰ্ণ কৰে।