ডিমা হাছাওত আৰক্ষীৰ গুলীত DNLAৰ উগ্ৰপন্থীৰ মৃত্যুৰ তদন্তৰ নিৰ্দেশ দণ্ডাধীশৰ

201

ডিমা হাছাওত আৰক্ষীৰ গুলীচালনাত ডিএনএলএ উগ্ৰপন্থী নিহত হোৱাৰ পিছতে জিলা দণ্ডাধীশে নিৰ্দেশ দিছে এই ঘটনাৰ তদন্তৰ। ডিমা হাছাও জিলা দণ্ডাধীশে ১৫ ছেপ্টেম্বৰত বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে।

মন কৰিবলগীয়া যে যোৱা নিশা অৰ্থাৎ ২০২৩ চনৰ ১৫ ছেপ্টেম্বৰ তাৰিখে পুৱা প্ৰায় ১.৩০ বজাত ডিমা হাছাও জিলাৰ মাইবাঙৰ ডিমাছা নেচনেল লিবাৰেশ্যন আৰ্মিৰ নিৰ্দিষ্ট শিবিৰ খাছমাইপুৰত সংঘটিত হয় এই ঘটনা।

সূত্ৰ অনুসৰি আৰক্ষী আৰু ডিএনএলএৰ কেডাৰৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়, তাৰ পিছত অভিজিত হাপিলা ওৰফে আলী ডিমাছা নামৰ এজন ডিএনএলএ কেডাৰ ক্ৰছ ফায়াৰিঙত মৃত্যু হোৱাৰ বিপৰীতে আন দুজন ব্যক্তি ক্ৰমে থমাছ নুনিছা ওৰফে ৰেম্বো ডিমছা আৰু ডিবাৰন জোহৰিল ওৰফে থিনঝোন ডিমাছা আহত হয়।