ডিব্ৰুগড়ৰ নিউ মাৰ্কেটত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত লাখ লাখ টকাৰ সম্পত্তি জুইত জাহ যায়। বাতৰি অনুসৰি, জুইত পাঁচখন দোকান ভস্মীভূত হৈছে।
এখন চুপাৰি দোকানৰ পৰা এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ইফালে অগ্নিকাণ্ডৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে। ঘটনাত কোনো লোকে হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।