ডিব্ৰুগড়ত ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

505

ডিব্ৰুগড়ৰ চাউলখোৱা অঞ্চলৰ পৰা বৃহস্পতিবাৰে এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হয়, যিজনে যোৱা কেইমাহমানৰ পৰা কোনো চিকিৎসা ডিগ্ৰী নোহোৱাকৈ প্ৰেকটিচ কৰি আছিল।

ছফিকুল হক নামৰ ভুৱা চিকিৎসকজনে ডিব্ৰুগড়ৰ চাউলখোৱা অঞ্চলত এটা চেম্বাৰ খুলি চিকিৎসক হিচাপে প্ৰেকটিচ আৰম্ভ কৰিছিল।

গাঁওবুঢ়া ৰুবাল আলী আৰু চাউলখোৱাৰ আন চাৰিজন ব্যক্তিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসকজনক।

“কিছুদিন আগতে মই দুৰ্বল অনুভৱ কৰি তেওঁৰ ওচৰলৈ গৈছিলো। তেওঁ মোক ক’লে যে মোৰ লিভাৰ আৰু কিডনী যিকোনো সময়তে ক্ষতিগ্ৰস্ত হ’ব পাৰে। তেওঁ কিছুমান ঔষধ প্ৰেছক্ৰিপচন কৰিছিল যদিও খোৱাৰ পিছত মই সকাহ নাপালোঁ।

“মই আন এজন চিকিৎসকৰ ওচৰলৈ গৈছিলো আৰু তেওঁ মোক ক’লে যে মোৰ হিম’গ্লবিনৰ মাত্ৰা কম আৰু তেওঁ মোক আইৰণৰ টেবলেট প্ৰেছক্ৰিপচন কৰিলে। আগৰ ডাক্তৰজনক তেওঁৰ ভুল নিদানৰ সন্দেহ কৰিছিলোঁ। কিছুদিনৰ পাছত আমি গম পালোঁ যে তেওঁ এজন ভুৱা ডাক্তৰ।’-এজন স্থানীয় লোকে কয়।

ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াই কয়, ‘এলেকাৰ অসংখ্য লোকে দাখিল কৰা অভিযোগৰ ভিত্তিত আমি চাউলখোৱাৰ পৰা ভুৱা চিকিৎসকজনক গ্ৰেপ্তাৰ কৰিছো। তদন্তৰ সময়ত আমি দেখিলোঁ যে তেওঁৰ ডাক্তৰ হ’বলৈ কোনো ডিগ্ৰী নাছিল। আমি তেওঁৰ বাসগৃহৰ পৰা কিছু ভুৱা নথি জব্দ কৰিছো।”

ডিব্ৰুগড় আৰক্ষী থানাত ৪১৯/ ৪৬৮/৪৭১ ধাৰাত এটা গোচৰ (নং ৩৪০/২২) ৰুজু কৰা হৈছে।

ছফিকুল হকৰ ঘৰ নলবাৰী জিলাৰ আৰু যোৱা কেইমাহমানৰ পৰা তেওঁ চাউলখোৱাত ১০০ৰো অধিক লোকক প্ৰতাৰণা কৰিছিল।