ডিব্ৰুগড় চাউলখোৱাত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ

130

ডিব্ৰুগড় চহৰৰ উপকণ্ঠ চাউলখোৱাত এজন ভুৱা চিকিৎসকক অৱশেষত গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে। চফিকুল হ’ক নামৰ এই ভুৱা চিকিৎসকজনৰ বিৰুদ্ধে এগৰাকী চৰকাৰী গাঁওবুঢ়াকে ধৰি প্ৰায় চাৰিজন লোকে পৃথকে পৃথকে ডিব্ৰুগড় সদৰ থানা আৰু গাভৰুপথাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল৷ উল্লেখ্য যে প্ৰায় চয় সাতমাহ‌ মানৰ পৰা মুন্নাভাই ৰূপী এই চিকিৎসকজনে চাউলখোৱাত চেম্বাৰ খুলি ৰোগী চোৱাৰ কাম আৰম্ভ কৰিছিল। নিজকে চিকিৎসক হিচাপে পৰিচয় দিয়া চফিকুল হ’ক নামৰ এজন ব্যক্তিয়ে উক্ত চেম্বাৰত আৰম্ভ কৰে ৰোগী চোৱাৰ প্ৰক্ৰিয়া৷ প্ৰাথমিক অৱস্থাত স্থানীয় লোকে উক্ত চেম্বাৰটোত ৰোগীক পৰীক্ষা নিৰিক্ষা কৰা উক্ত ব্যক্তিজনক চিকিৎসক বুলিয়েই ভাবিছিল৷ কিন্তু এগৰাকী স্থানীয় গৰ্ভৱতী মহিলাই স্বাস্থ্য পৰীক্ষা কৰিবলৈ যাওঁতে উক্ত লোকজন যে প্ৰকৃততে চিকিৎসক নহয়, এজন ভুৱা চিকিৎসকহে সেই কথা পোহৰলৈ আহে৷ অৱশ্যে পৰৱৰ্তী সময়ত উক্ত গৰ্ভৱতী মহিলাগৰাকীয়ে উক্ত ব্যক্তিজন সন্দৰ্ভত সন্দেহ উপজাত ডিব্ৰুগড়ৰ এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞৰ কাষ চাপে৷ উক্ত বিশেষজ্ঞজনে মহিলাগৰাকীৰ পূৰ্বৰ চিকিৎসকজনে দিয়া প্ৰেচক্ৰিপশ্যনখন প্ৰত্যক্ষ কৰি চকু কপালত উঠে। উক্ত ব্যক্তিজনে দিয়া কোনো ঔষধ নাখাবৰ বাবে পৰামৰ্শ দিয়ে৷ এই গোটেই বিষয়টো অঞ্চলটোত বিয়পি পৰাত স্থানীয় গাঁওবুঢ়া ৰুবুল আলীকে ধৰি সচেতন ব্যক্তিসকলে চিকিৎসকজনক জেৰা আৰম্ভ কৰে আৰু আৰক্ষীক খবৰ দিয়ে৷ নিজকে MBBS (GU) GMCH, Registration No 01566 বুলি পৰিচয় দি চাউলখোৱাত সংখ্যালঘূ বসতিপূৰ্ণ অঞ্চলটোৰ সহজ সৰল ৰাইজক চিকিৎসাৰ নামত লাখ লাখ টকা আদায় কৰাৰো এক অভিযোগ উত্থাপন কৰে ।