আকাশ মাৰ্গত যান্ত্ৰিক বিজুতি গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী ইণ্ডিগ’ বিমানৰ।
উৰা মৰাৰ ১০-১২ মিনিট পিছতে ইণ্ডিগ’ ৬ই ২৬৫২ বিমানখনত যান্ত্ৰিক বিজুতি ধৰা পৰাত পুনৰ গুৱাহাটীলৈ ওভতাই কৰা হয় জৰুৰী অৱতৰণ।
পুৱাৰ ভাগত সংঘটিত হয় এই ঘটনা।
বিমানখনত আছিল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী।
লগতে আছিল বিধায়ক প্ৰশান্ত ফুকন, তেৰছ গোৱালাও।
পুৱা ৮.৪০ বজাত গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা উৰা মাৰিছিল বিমানখনে।
