ডিব্ৰুগড়ত পুনৰ ক’ৰোনাৰ সংক্ৰমণঃ ন্যায়াধীশ-অধিবক্তাসহ কোভিডত আক্ৰান্ত ৪

125

নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ চলা থকাৰ সময়তে ডিব্ৰুগড়ত পুনৰ আৰম্ভ হৈছে ক’ৰোনাৰ সংক্ৰমণ৷ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত পুনৰ কোভিডক লৈ আতংক। ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ অতিৰিক্ত ন‌্যায়ধীশসহ মুঠ চাৰিগৰাকী ক’ৰোনাত আক্ৰান্ত হৈছে। অতিৰিক্ত ন্যায়ধীশ য়ছপাল সিং, ন্যায়িক দণ্ডাধীশ ঋতুপৰ্ণা শৰ্মা, অধিবক্তা চিন্ময় দত্ত, বজৰং কেজিৱাল আক্ৰান্ত হৈছে ক’ৰোনা ভাইৰাছত। ইপিনে কোভিডত চাৰি গৰাকী আক্ৰান্ত হোৱাৰ লগে লগে বৃদ্ধি পাইছে সংশয়। ফলত আজিৰে পৰা অহা বৃহস্পতিবাৰলৈকে ডিব্ৰুগড় বাৰ এচ’ছিয়েচন বন্ধ থাকিব বুলি সদৰী কৰিছে অধিবক্তা সন্থাই।