শোৱাপাটিত পত্নীক কুঠাৰেৰে হত্যা কৰি থানাত আত্মসমৰ্পণ কৰিলে হত্যাকাৰী স্বামীয়ে। এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে ডিগবৈৰ শুকানপুখুৰীত।
জানিব পৰা মতে মঙ্গলবাৰে পুৱা ৰাজেন মুড়া নামৰ লোকজনে নিজৰ পত্নী লক্ষ্মী ৰিকিচানক কুঠাৰেৰে ঘপিয়াই হত্যা কৰে। ইফালে ৰাজেন মুড়াৰ আক্ৰমণত পেটুৱা মুড়া নামৰ আন এজন লোকো আহত হয়।
হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত হত্যাত ব্যৱহৃত কুঠাৰখন হাতত লৈ ডিগবৈ থানাত আত্মসমৰ্পণ কৰে ৰাজেন মুড়াই। পাৰিবাৰিক সংঘাতৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে হত্যাকাৰী ৰাজেন মুড়াক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।
