টেট শিক্ষকৰ চাকৰিৰ পৰা নিলম্বন ভিক্টৰ দাসক…

133

অসমৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত এটা কেলেংকাৰীৰ উৰাবাতৰি প্ৰচাৰ কৰাৰ বাবে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি পিছত জামিন লাভ কৰা পানীটেমা ৰাধা কৃষ্ণ যুগল মিলন এল পি স্কুলৰ সহকাৰী শিক্ষক ভিক্টৰ দাসক অসম চৰকাৰে নিলম্বন কৰিছে।

কামৰূপ জিলা প্ৰাথমিক শিক্ষাৰ কাৰ্যালয়ে এক অধিসূচনাত প্ৰকাশ কৰিছে যে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ টেট শিক্ষকৰ চাকৰিৰ পৰা নিলম্বন কৰা হৈছে ভিক্টৰ দাসক।

বিভিন্ন বিভাগত খালী হৈ থকা ২৬ হাজাৰৰো অধিক পদ পূৰণৰ বাবে নিযুক্তি প্ৰক্ৰিয়াত ‘কেলেংকাৰী’ৰ উৰাবাতৰি প্ৰচাৰ কৰাৰ অভিযোগত যোৱা ৯ ছেপ্টেম্বৰত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ভিক্টৰ দাসক।

গুৱাহাটী উচ্চ ন্যায়ালয়ে ২৯ ছেপ্টেম্বৰলৈকে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে দাসক।

গুৱাহাটীৰ এটা কোচিং ইনষ্টিটিউটৰ টিউটৰ দাসে দাবী কৰিছিল এটা শ্ৰেণীৰ লোকে এই পদসমূহৰ বাবে ৩-৮ লাখ টকা দাবী কৰিছিল।

‘কেলেংকাৰী’ত একাংশ প্ৰাক্তন বিধায়কও জড়িত থকাৰ অভিযোগো তেওঁ কৰিছিল।

অসম আৰক্ষীয়ে আটক কৰি ভিক্টৰ দাসৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০ বি, ১৫৩, ১৫৩ এ, ৩৮৪ আৰু ৫০৫ ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।

তেওঁৰ বিৰুদ্ধে অভিযোগ উঠিছে যে তেওঁ “চৰকাৰী পদত বাছনিক লৈ সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত বিবাদ গঢ়ি তোলাৰ বাবে উৰাবাতৰি বিয়পাই ষড়যন্ত্ৰত লিপ্ত হৈছিল।”