টেঙাখাটত গৰু কিনিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল বেপাৰী

95

টেঙাখাটত গৰু কিনিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল বেপাৰী
প্ৰতিকিলো গোমাংস বিক্ৰী হয় দুশটকাত ।
ৰাইজৰ জেৰাত স্বীকাৰ কৰিছে গোমাংসৰ গোপন বেহাৰ তথ্য। এফালৰপৰা কৈ গ’ল কিদৰে আৰু ক’ত চলাই আছে এই গোমাংসৰ অবৈধ বেহা ৷ ৰাজ্যচৰকাৰে গো সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ নীতি গ্ৰহণ কৰিছে। আইনমতে দণ্ডনীয় কৰি কাৰাদণ্ড বিহাৰ লগতে সম্পত্তি বাজেয়াপ্ত কৰা পৰ্যন্ত নিৰ্দেশ দিছে প্ৰশাসনক ৷ চৰকাৰৰ নিৰ্দেশক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশই কিন্তু বৰ্তমানো চলাই আছে গোমাংসৰ ৰমৰমীয়া বেহা ৷ এইবাৰ এনে গো সৰবৰাহ কৰিবলৈ গৈ ৰাইজৰ ৰোষৰ বলি হৈছে এইজন সৰবৰাহকাৰী ।