টীয়কৰ শিমলুগুৰি কৈৱত্ত গাঁৱত অঘটন

162

জাঁজীনদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল এগৰাকী ২৩ বছৰীয়া মহিলা। শিৱানী দাস নামৰ গৌৰীসাগৰ বেজগাওঁৰ নিৰ্মল দাসৰ পত্নী শিমলুগুৰিৰ পিতৃগৃহৰ পৰা সন্ধানহীন হৈ আছিল মহিলা গৰাকী। উল্লেখযোগ্য যে পুৱা জাঁজী নদীত গা ধুবলৈ গৈ কাপোৰ, বাল্টি নৈৰ পাৰতে এৰি সন্ধানহীন হৈ আছিল। দুটি কণমানি সন্তানৰ মাতৃ শিৱানী দাসে ১০ দিনৰ পূৰ্বে স্বামীৰ সৈতে তৰ্কত লিপ্ত হয় মাতৃগৃহত আশ্ৰয় লৈ আছিল। বৰ্তমান যোৰহাটৰ পৰা অহা এচ ডি আৰ এফৰ দলে কালিৰে পৰা অভিযান চলাই আছ যদিও সন্ধান পোৱা নাছিল মহিলাগৰাকীৰ মৃত দেহ। এইদৰে এগৰাকী মহিলাৰ আকস্মিক ভাবে সন্ধানহীন ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰি আছিল । কিন্তু আজি বিয়লি অভিযান কালত মহিলা গৰাকী মৃতদেহ উদ্ধাৰ কৰে ।